Articles





বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম





] অসমীয়া – Assamese – آسامي [





ড. ছলেহ ইবনে ফাওজান আল-ফাওজান





—™





অনুবাদ





ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী





ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব





تعريف البدعة - أنواعها - وأحكامها





فضيلة الشيخ صالح بن فوزان





—™





ترجمة: رفيق الاسلام بن حبيب الرحمن





بسم الله الرحمن الرحيم





প্ৰথম: বিদ‘আতৰ সংজ্ঞা





আভিধানিকভাৱে বিদ‘আত শব্দটো البدع শব্দৰ পৰা গৃহীত- যাৰ অৰ্থ হৈছে পূৰ্বৱৰ্তী কোনো উদাহৰণবিহীন কোনো বস্তু সৃষ্টি বা আৱিষ্কাৰ কৰাযেনে আল্লাহ তা‘আলাই কৈছে,





﴿بَدِيعُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ ﴾ [البقرة: ١١٧]





“তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক।” [ছুৰা আল-বাকাৰা, আয়াত: ১১৭] অৰ্থাৎ পূৰ্বৱৰ্তী কোনো নমুনাবিহীন এই দুটাৰ তেওঁ উদ্ভাৱক বা সৃষ্টিকৰ্তা।





আল্লাহ তাআলাই আন ঠাইত এই শব্দটো ব্যৱহাৰ কৰি কৈছেঃ





﴿قُلۡ مَا كُنتُ بِدۡعٗا مِّنَ ٱلرُّسُلِ﴾ [الاحقاف: ٩]





“কোৱা, মই কোনো নতুন ৰাছুল নহয়।” [ছুৰা আল-আহকাফ, আয়াত: ৯] অৰ্থাৎ মই আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি বাৰ্তা-বাহক হিচাপে প্ৰথম ৰাছুল নহয়; বৰং মোৰ পূৰ্বে আৰু বহুতো ৰাছুল আগমন কৰিছে। এইদৰে কোৱা হয় যে ‘অমুক ব্যক্তিয়ে এটা বিদ‘আত উদ্ভাৱন কৰিছে’ অৰ্থাৎ এনে এটা পন্থা প্ৰচলন কৰিছে যিটো ইয়াৰ পূৰ্বে আন কোনোৱে কৰা নাছিল।





উদ্ভাৱন দুই প্ৰকাৰ





১. প্ৰথাগত উদ্ভাৱন: যেনে আধুনিক আৱিষ্কৃত বস্তুসমূহৰ উদ্ভাৱন। এইটো মুবাহ আৰু জায়েয বা বৈধ। কিয়নো প্ৰথাৰ ক্ষেত্ৰত ইবাহাত বা বৈধ হোৱাটোৱেই মূলনীতি (যেতিয়া লৈকে ‘নাজায়েয বা অবৈধ’ হোৱাৰ দলীল পোৱা নাযাব।)





২. ধৰ্মীয় ক্ষেত্ৰত উদ্ভাৱন: এইটো হৈছে দ্বীনৰ মাজত কোনো বিদ‘আত সৃষ্টি কৰা। এইটো হাৰাম। কিয়নো দ্বীনৰ ক্ষেত্ৰত অনুসৃত নীতি হৈছে, তাওকীফী অৰ্থাৎ সম্পূৰ্ণৰূপে কোৰআন আৰু ছুন্নাহৰ ওপৰত নিৰ্ভৰশীল। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ





«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ فِيهِ، فَهُوَ رَدٌّ»





“যি ব্যক্তিয়ে আমাৰ এই দ্বীনৰ মাজত এনেকুৱা কোনো প্ৰথা উদ্ভাৱন কৰিব, যিটো দ্বীনৰ অন্তৰ্গত নহয়, সেইটো প্ৰত্যাখ্যাত”[1]





«مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ»





“কোনো ব্যক্তিয়ে যদি এনে কোনো আমল কৰে যিটো আমাৰ দ্বীনৰ অন্তৰ্ভূক্ত নহয়, সেইটো প্ৰত্যাখ্যাত”[2]





দ্বিতীয়: বিদ‘আতৰ প্ৰকাৰভেদ





দ্বীনৰ ক্ষেত্ৰত বিদ‘আত দুটা ভাগত বিভক্ত:





প্ৰথম শ্ৰেণী: কথা আৰু আক্বীদাৰ ক্ষেত্ৰত বিদ‘আত। যেনে জাহমিয়া, মুতাযিলা, ৰাফিজা আৰু যাৱতীয় ভ্ৰান্ত ফিৰকাসমূহৰ বক্তব্য আৰু আক্বীদা।





দ্বিতীয় শ্ৰেণী: ইবাদতৰ ক্ষেত্ৰত বিদ‘আত। যেনে, এনে পন্থাত আল্লাহৰ ইবাদত কৰা যিটো তেওঁ অনুমোদন কৰা নাই। ইয়াৰ কেইবাটাও প্ৰকাৰ আছে:





প্ৰথম প্ৰকাৰ: মৌলিক ইবাদতৰ ক্ষেত্ৰত যিটো বিদ‘আত কৰা হয়। যেনে, এনেকুৱা এটা ইবাদত সৃষ্টি কৰা, চৰীয়তত যাৰ কোনো দলীল নাই। উদাহৰণ স্বৰূপে কব পাৰি, এনেকুৱা এটা ছালাতৰ উদ্ভাৱন কৰা যিটো চৰীয়ত অনুমোদিত নহয় অথবা এনেকুৱা ছওমৰ প্ৰচলন ঘটোৱা যিটো আচলতে চৰীয়তত অননুমোদিত অথবা চৰীয়ত সমৰ্থিত নোহোৱা এনেকুৱা সকলো উৎসৱ যেনে জন্মোৎসৱ প্ৰভূতি পালন কৰা।





দ্বিতীয় প্ৰকাৰ: চৰীয়তে অনুমোদিত ইবাদতৰ ক্ষেত্ৰত কোনো অংশ সংযোজন আৰু বৃদ্ধি কৰা। যেনে, জোহৰ অথবা আছৰ ছালাতত এক ৰাকাত বৃদ্ধি কৰি পাঁচ ৰাকাত আদায় কৰা।





তৃতীয় প্ৰকাৰ: চৰীয়ত সিদ্ধ ইবাদত আদায়ৰ পদ্ধতিত যিটো বিদ‘আত কৰা হয়। যেনে চৰীয়ত সিদ্ধ নোহোৱা এনে কোনো পন্থাত সেই ইবাদতটো আদায় কৰা। ইয়াৰ উদাহৰণ হ’ল: চৰীয়ত অনুমোদিত যিকিৰ বা দুআ একত্ৰিতভাৱে একেলগে তাল আৰু সুৰ মিলাই পাঠ কৰা। এইদৰে ইবাদতৰ ক্ষেত্ৰত নিজৰ ওপৰত এনেকুৱা কঠোৰতা আৰোপ কৰা যিটোৰ বাবে সি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ছুন্নতৰ পৰা বাহিৰ হৈ যায়।





চতুৰ্থ প্ৰকাৰ: চৰীয়ত সিদ্ধ ইবাদতৰ বাবে চৰীয়ত কৰ্তৃক নিৰ্ধাৰিত নোহোৱা এনেকুৱা সময় নিৰ্ধাৰণৰ দ্বাৰা যি বিদ‘আত কৰা হয়। যেনে, শ্বাবান মাহৰ ১৫ তাৰিখৰ দিন আৰু ৰাতিক ছওম আৰু ছালাতৰ বাবে নিৰ্ধাৰিত কৰা। কিয়নো ছওম আৰু ছালাত চৰীয়ত সিদ্ধ; কিন্তু তাক কোনো এটা সময়ৰ লগত সম্পৃক্ত কৰাৰ বাবে দলীল থকা প্ৰয়োজন।





তৃতীয়: সকলো শ্ৰেণী বিভাগসহ দ্বীনৰ ক্ষেত্ৰত বিদ‘আতৰ হুকুম বা বিধান





দ্বীনৰ ক্ষেত্ৰত সকলো বিদ‘আতেই হাৰাম আৰু ভ্ৰষ্টতা। কিয়নো নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ





«وَإِيَّاكُمْ وَمُحْدَثَاتِ الْأُمُورِ، فَإِنَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ، وَكُلَّ بِدْعَةٍ ضَلَالَةٌ»





“নতুন নতুন বিষয়ৰ পৰা তোমালোকে পৰহেজ কৰিবা। কিয়নো প্ৰত্যেক নতুন বিষয়েই বিদ‘আত আৰু প্ৰত্যেক বিদ‘আতেই ভ্ৰষ্টতা”[3]





নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আৰু কৈছেঃ





«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ فِيهِ، فَهُوَ رَدٌّ»





“যি ব্যক্তি আমাৰ এই দ্বীনৰ মাজত এনেকুৱা কোনো প্ৰথা উদ্ভাৱন কৰিব, যিটো দ্বীনৰ অন্তৰ্গত নহয়, সেইটো প্ৰত্যাখ্যাত”[4]





« مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ »





“কোনো ব্যক্তিয়ে যদি এনে কোনো আমল কৰে যিটো আমাৰ দ্বীনৰ অন্তৰ্ভূক্ত নহয়, সেইটো প্ৰত্যাখ্যাত”[5]





হাদীছ দুটাৰ দ্বাৰা প্ৰমাণিত হ’ল যে, দ্বীনৰ ক্ষেত্ৰত নৱ উদ্ভাৱিত সকলো পন্থাই বিদ‘আত আৰু প্ৰত্যেক বিদ‘আতেই ভ্ৰষ্টতা আৰু প্ৰত্যাখ্যাত। এই কথাৰ অৰ্থ বিদ‘আত হাৰাম। কিন্তু বিদ‘আতৰ শ্ৰেণী বিভাগ অনুযায়ী হাৰাম হোৱাৰ বিষয়টো বিভিন্ন স্তৰৰ হয়। কিয়নো ইয়াৰ মাজত কিছুমান হ’ল স্পষ্ট কুফুৰী। যেনে, কবৰবাসীসকলৰ নৈকট্য লাভৰ উদ্দেশ্যে কবৰৰ চাৰিওফালে তাৱাফ কৰা আৰু জবেহ কৰা লগতে মান্নত কৰা। কবৰবাসীসকলৰ ওচৰত দুআ কৰা আৰু সহায় প্ৰাৰ্থনা কৰা। এইদৰে চৰমপন্থী-জাহমিয়া আৰু মুতাযিলাসকলৰ বিভিন্ন বক্তব্যও ইয়াৰ অন্তৰ্ভূক্ত আছে।





বিদ‘আতৰ মাজত আছে এনেকুৱা প্ৰথা যিটো আক্বীদাগতভাৱে ফাছেকী বুলি পৰিগণিত। যেনে, কথা আৰু আক্বীদাৰ ক্ষেত্ৰত খাৰেজী, কাদৰিয়া আৰু মুৰজিয়াসকলৰ বিদ‘আত যিটো চৰীয়তৰ দলীলসমূহৰ পৰিপন্থী।





কিছুমান বিদ‘আত এনেকুৱা আছে যিবোৰ গুনাহ হিচাপে বিবেচিত। যেনে, দুনিয়াত্যাগী হোৱাৰ বিদ‘আত, ৰদত থিয় হৈ ছওম ৰখা আৰু যৌনকামনা দমনৰ বাবে অপাৰেচন কৰা ইত্যাদি বিদ‘আত।





সমাপ্ত











[1] ছহীহ বুখাৰী, হাদীছ নং ২৬৯৭; ছহীহ মুছলিম, হাদীছ নং ১৭১৮









[2] ছহীহ মুছলিম, হাদীছ নং ১৭১৮









[3] ছুনান আবি দাউদ, হাদীছ নং ৪৬০৭









[4] ছহীহ বুখাৰী, হাদীছ নং ২৬৯৭; ছহীহ মুছলিম, হাদীছ নং ১৭১৮









[5] ছহীহ মুছলিম, হাদীছ নং ১৭১৮









Recent Posts

موعجیزه‌ی پێغه‌مبه‌ر ...

موعجیزه‌ی پێغه‌مبه‌ر ئيبراهیم عليه السلام

ته‌فسیری ئه‌و ئایه‌تا ...

ته‌فسیری ئه‌و ئایه‌تانه‌ی ده‌رباره‌ی شوێنكه‌وتنی پێغه‌مبه‌ر و پێغه‌مبه‌رانی خوا علیهم الصلاة‌ والسلام هاتوون

ئیمان هێنان به كتێبه ...

ئیمان هێنان به كتێبه ئاسمانیهكان

رێبازى ئه‌هلی سوننه‌ت ...

رێبازى ئه‌هلی سوننه‌ت و جه‌ماعه‌ت له‌ به‌رپه‌رچه‌دانه‌وه‌ى بیدعه‌كاران