Articles





ইছলাম বিনষ্টকাৰী বিষয়সমূহ





] অসমীয়া – Assamese – آسامي [





শ্বাইখ মুহাম্মদ আত্-তামীমী





—™





অনুবাদ





ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী





ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব





نواقض الإسلام





الشيخ محمد التميمي





—™





ترجمة: رفيق الاسلام بن حبيب الرحمن





بسم الله الرحمن الرحيم





ইছলাম বিনষ্টকাৰী বিষয়সমূহ





জানি থওঁক, ইছলাম বিনষ্টকাৰী বিষয় হৈছে দহটা:





১। আল্লাহৰ ইবাদতত আন কাৰোবাক অংশীদাৰ স্থাপন কৰা। আল্লাহ তাআলাই কৈছে:





﴿إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ وَيَغۡفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُۚ﴾ [النساء: ٤٨]





“নিশ্চয় আল্লাহে তেওঁৰ লগত অংশীদাৰ স্থাপন কৰাক কেতিয়াও ক্ষমা নকৰে, ইয়াৰ বাহিৰে তেওঁ অন্যান্য অপৰাধ যিটো ইচ্ছা ক্ষমা কৰি দিয়ে।” [ছুৰা আন-নিছা: ৪৮]





তেওঁ আৰু কৈছে,





﴿إِنَّهُۥ مَن يُشۡرِكۡ بِٱللَّهِ فَقَدۡ حَرَّمَ ٱللَّهُ عَلَيۡهِ ٱلۡجَنَّةَ وَمَأۡوَىٰهُ ٱلنَّارُۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ ٧٢ ﴾ [المائ‍دة: ٧٢]





“নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ বাবে জান্নাত হাৰাম কৰি দিছে আৰু তাৰ বাসস্থান হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।” [ছুৰা আল-মায়িদা: ৭২]





আল্লাহৰ বাহিৰে আন কাৰো উদ্দেশ্যে জবেহ কৰা ইয়াৰে অন্তৰ্ভূক্ত। যেনে, কোনোবাই যদি জ্বিনৰ উদ্দেশ্যে বা কবৰবাসীৰ উদ্দেশ্যে জবেহ কৰে।





২। যি ব্যক্তি আল্লাহ আৰু তাৰ মাজত আনক মাধ্যম হিচাপে গ্ৰহণ কৰে আৰু সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰে, সিহঁতৰ ওচৰত ছুপাৰিছ বা মধ্যস্থতা কামনা কৰে আৰু সিহঁতৰ ওপৰত ভৰসা কৰে, সেইজন ব্যক্তি আলিমসকলৰ সৰ্বসন্মতিক্ৰমে কাফিৰ বুলি বিবেচিত।





৩। মুশ্বৰিকসকলক কাফিৰ বুলি বিশ্বাস নকৰিলে, বা সিহঁতৰ কুফৰীত সন্দেহ পোষণ কৰিলে, অথবা সিহঁতৰ ধৰ্মক সঠিক বুলি মন্তব্য কৰিলে সেই ব্যক্তি কাফিৰ হৈ যাব।





৪। যি ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনপদ্ধতিতকৈ আন কোনো জীৱন পদ্ধতিক পৰিপূৰ্ণ বুলি বিশ্বাস কৰে; অথবা নবীৰ বিধানতকৈ আন কাৰো বিধানক উত্তম বুলি ভাবে, তেন্তে এনে ব্যক্তি কাফিৰ বুলি গণ্য হ’ব। যেনে, যদি কোনো ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বিধানৰ ওপৰত তাগুতৰ (মানৱ ৰচিত) বিধানক অগ্ৰাধিকাৰ দিয়ে— তেন্তে এনে ব্যক্তি কাফিৰ।





৫। যি ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা কোনো বিধানৰ প্ৰতি ঘৃণা-বিদ্বেষ পোষণ কৰিব, সি যদিও সেই বিধানৰ ওপৰত সি আমল নকৰক কিয়, তথাপিও সি কাফিৰত পৰিণত হ’ব।





৬। যি ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ অন্তৰ্ভূক্ত সামান্য কোনো বিষয়, আল্লাহ প্ৰদত্ত ছোৱাব-প্ৰতিদান অথবা তেওঁৰ কোনো শাস্তিৰ বিধানৰ প্ৰতি ঠাট্ৰা-বিদ্ৰূপ কৰে, সেই ব্যক্তিও কাফিৰ হ’ব। ইয়াৰ দলীল আল্লাহ তা‘আলাৰ বাণী:





﴿قُلۡ أَبِٱللَّهِ وَءَايَٰتِهِۦ وَرَسُولِهِۦ كُنتُمۡ تَسۡتَهۡزِءُونَ ٦٥ لَا تَعۡتَذِرُواْ قَدۡ كَفَرۡتُم بَعۡدَ إِيمَٰنِكُمۡۚ﴾ [التوبة: ٦٥، ٦٦]





“কোৱা, ‘তোমালোকে আল্লাহক, তেওঁৰ নিদৰ্শন আৰু তেওঁৰ ৰাছুলক লৈ বিদ্ৰূপ কৰিছিলা নেকি? তোমালোকে আৰু ওজৰ-আপত্তি নকৰিবা, তোমালোকে ঈমান আনাৰ পিছত আকৌ কাফিৰ হৈ গৈছা।” [ ছুৰা আত-তাওবা: ৬৫-৬৬]





৭। যাদু কৰা। বিকৰ্ষণ আৰু আকৰ্ষণ কৰাৰ বাবে তদবীৰ কৰাও ইয়াৰ অন্তৰ্ভূক্ত। এতেকে যিয়ে যাদু কৰিব অথবা যাদু কৰাৰ প্ৰতি সন্তুষ্ট থাকিব, সি কাফিৰ হ’ব। ইয়াৰ দলীল আল্লাহ তাআলাৰ বাণী:





﴿وَمَا يُعَلِّمَانِ مِنۡ أَحَدٍ حَتَّىٰ يَقُولَآ إِنَّمَا نَحۡنُ فِتۡنَةٞ فَلَا تَكۡفُرۡۖ ﴾ [البقرة: ١٠٢]





“সিহঁতে কাকো (যাদু) শিক্ষা দিয়া নাছিল যেতিয়া লৈকে এই কথা কোৱা নাছিল যে, আমি কেৱল পৰীক্ষাস্বৰূপ; এতেকে তুমি কুফৰী নকৰিবা।” [ছুৰা আল-বাকাৰা: ১০২]





৮। মুছলিমসকলৰ বিৰুদ্ধে মুশ্বৰিকসকলক সহায় কৰা। ইয়াৰ দলীল: আল্লাহ তা‘আলাই কৈছে,





﴿وَمَن يَتَوَلَّهُم مِّنكُمۡ فَإِنَّهُۥ مِنۡهُمۡۗ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ﴾ [المائ‍دة: ٥١]





“তোমালোকৰ মাজত কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি সিহঁতৰেই অন্তৰ্ভূক্ত হ’ব। নিশ্চয় আল্লাহ যালিম সম্প্ৰদায়ক সৎপথত পৰিচালিত নকৰে”[ছুৰা আল-মায়িদাহ: ৫১]





৯। যি ব্যক্তি এনে-বিশ্বাস পোষণ কৰে যে, খিযিৰৰ বাবে যেনেকৈ মূছা আলাইহিচ ছালামৰ চৰিয়তৰ বাহিৰত থকা সম্ভৱ আছিল, তেনেকৈ কোনো মানুহৰ বাবে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিয়তৰ পৰা বাহিৰ হৈ যোৱাৰ অনুমতি আছে— (যেনে কিছুমানে গউছ, কুতুব, আবদাল আদিৰ প্ৰতি বিশ্বাস কৰে) তেন্তে এনে বিশ্বাস পোষণ কৰা ব্যক্তিও কাফিৰ।





১০। আল্লাহ তা‘আলাৰ দ্বীন ‘ইছলাম’ক উপেক্ষা কৰা বা ইয়াৰ পৰা বিমুখ হোৱা— দ্বীনৰ জ্ঞান অৰ্জন নকৰা, আৰু সেই অনুযায়ী আমল নকৰাও কুফৰী (এনে ব্যক্তি কাফিৰ হ’ব)। ইয়াৰ দলীল: আল্লাহ তাআলাই কৈছে,





﴿ وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِ‍َٔايَٰتِ رَبِّهِۦ ثُمَّ أَعۡرَضَ عَنۡهَآۚ إِنَّا مِنَ ٱلۡمُجۡرِمِينَ مُنتَقِمُونَ ٢٢ ﴾ [السجدة: ٢٢]





“যি ব্যক্তি তাৰ প্ৰতিপালকৰ নিদৰ্শনাৱলীৰ দ্বাৰা উপদিষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘুৰাই লয়, সেইজনতকৈ অধিক যালিম আৰু কোন আছে? নিশ্চয় আমি অপৰাধীবিলাকক উপযুক্ত শাস্তি দিওঁ”[ ছুৰা আছ-ছাজদা: ২২]





উল্লেখিত বিষয়সমূহ ঠাট্ৰাজনিত হওঁক, অথবা উদ্দেশ্যমূলকভাৱেই হওঁক নাইবা ভয়-ভীতিৰ কাৰণেই হওঁক— (কাফিৰ হোৱাৰ) বিধানৰ দিশৰ পৰা কোনো পাৰ্থক্য নাই; কেৱল জবৰদস্তিত বাধ্য কৰোৱা ব্যক্তিৰ বাহিৰে।





এই বিষয়সমূহৰ প্ৰতিটো বিষয়েই অতি বিপজ্জনক, আৰু এয়া বহুতৰে জীৱনত সচৰাচৰ সংঘটিত হৈ থাকে। এতেকে প্ৰতিজন মুছলিমৰ উচিত এই বিষয়সমূহৰ পৰা সতৰ্ক থকা আৰু নিজকে ইয়াৰ পৰা সুৰক্ষিত ৰখা। আমি আল্লাহৰ ওচৰত তেওঁৰ ক্ৰোধ আৰু কঠিন শাস্তিৰ কাৰণসমূহত পতিত হোৱাৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰো।





আৰু আল্লাহে কৰুণা আৰু শান্তি বৰ্ষণ কৰক তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি মুহাম্মাদ আৰু তেওঁৰ পৰিয়ালবৰ্গ লগতে তেওঁৰ সকলো ছাহাবীসকলৰ ওপৰত।







Recent Posts

موعجیزه‌ی پێغه‌مبه‌ر ...

موعجیزه‌ی پێغه‌مبه‌ر ئيبراهیم عليه السلام

ته‌فسیری ئه‌و ئایه‌تا ...

ته‌فسیری ئه‌و ئایه‌تانه‌ی ده‌رباره‌ی شوێنكه‌وتنی پێغه‌مبه‌ر و پێغه‌مبه‌رانی خوا علیهم الصلاة‌ والسلام هاتوون

ئیمان هێنان به كتێبه ...

ئیمان هێنان به كتێبه ئاسمانیهكان

رێبازى ئه‌هلی سوننه‌ت ...

رێبازى ئه‌هلی سوننه‌ت و جه‌ماعه‌ت له‌ به‌رپه‌رچه‌دانه‌وه‌ى بیدعه‌كاران